Show/Hide Keyboard Layout

নিস্তব্ধ নিশাৰ

- অংগৰাগ মহন্ত

নিস্তব্ধ নিশাৰ জিলিয়ে মোক

ৰাতিপুৱালে লগ দিলে

আকৌ এবাৰ ওভতি চালোঁ যে মই

ইমান অকলশৰীয়া ।

 

আ আ আ ...

কত সঁচা জীৱনৰ

মিছা হৈ পৰিছে

একেবোৰ মিছাকে লৈ

সঁচাকৈ হাঁহিছে

কত সঁচা জীৱনৰ

মিছা হৈ পৰিছে

একেবোৰ মিছাকে লৈ

সঁচাকৈ হাঁহিছে

জানো কেতিয়া পুৱাব এই ৰাতি ?

পৃথিৱীৰ এই দীঘল ৰাতি

পোহৰ বিচাৰি ৰওঁ ।

 

বুজিব নোৱাৰা সকলো নিয়ম-নীতি

নিজেই আদৰি আজি

হাঁহো-কান্দো নিজম ৰাতি ।

 

কেতিয়া জানো

আঁতৰিব এই মনৰ কুঁৱলি

জানো কেতিয়াবা আমি দেখিম

দূৰণিৰ সকলো মন

সকলোৰে মনবোৰ

যেন আজি মুক্ত হয় ।।

Hits: 3135